
তাৰিখ: ২০/০১/২০২৬
ঠিকনা: নগাঁও (অসম)
নগাঁৱত এক চুৰি কাণ্ড সংঘটিত হৈছে। গোহালিৰ পৰা চাৰিজনীকৈ গাই গৰু চুৰি হোৱা ঘটনাক লৈ এটা পৰিয়ালে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এই ঘটনাটো টাকোৱাবাৰী বৰবৰী গাঁৱৰ ধনেশ্বৰ দাস নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হৈছে। তেওঁলোকৰ পৰিয়ালটোৱে এই গাই গৰু কেইজনীৰ গাখীৰ বিক্ৰী কৰিয়েই নিজৰ পোহপাল দিছিল। তেওঁলোকে আৰক্ষীক তেওঁলোকৰ গৰু কেইজনী বিচাৰি উলিয়াবলৈ অনুৰোধ জনাইছে। তেওঁলোকৰ ভাষ্য অনুসৰি, তেওঁলোকে সদায় গোহালি ঘৰত তলা মাৰি শুবলৈ গৈছিল। পৰিয়ালৰ এগৰাকী সদস্যই পুৱতি নিশা উঠি গোহালিৰ ফালে চাওঁতেই গৰু চুৰি হোৱাৰ কথা গম পায়। চোৰে গৰু কেইজনীৰ লগতে তলাটোও চুৰি কৰি লৈ যায়। তেওঁলোকে বাৰে বাৰে তেওঁলোকক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।
