Friday, January 16, 2026

নগাঁৱৰ বঢ়মপুৰত অৱস্থিত KM ইটাভাটাত জঘন্য ঘটনা ।

Published:

তাৰিখ:১১/০১/২০২৬
ঠিকনা: নগাওঁ(অসম)

নগাঁৱৰ বঢ়মপুৰত অৱস্থিত KM ইটাভাটাত জঘন্য ঘটনা । শিশু সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই নিয়োজিত শিশু শ্ৰমিক। KM ইটাভাটাৰ মালিকৰ পৃষ্ঠপোষকতাত বহু দিন ধৰি ইটাভাটাৰ একাংশ শিশুক নিয়োজিত কৰি আহিছে শ্ৰমিক হিচাপে । উল্লেখযোগ্য যে ইটাভাটাটো সাংবাদিক উপস্থিতিৰ পাছতেই নগাঁৱ জিলাৰ শিশু সুৰক্ষা বিষয়া উপস্থিত হৈ শিশু শ্ৰমিক কেইজনৰ এজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু বাকী কেইজন শ্ৰমিক ইটাভাটাটোৰ পৰা পলাই যায়। এতিয়া শিশু সুৰক্ষা আইনক জলাঞ্জলি দি শিশু সকলক ব্যবহাৰ কৰা এই ভাটাটোৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়।

Related articles