
তাৰিখ: ১৭/০১/২০২৬
ঠিকনা: নলবাৰী (অসম)
নলবাৰীত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক চালকজনৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, দ্ৰুতবেগী বাইকখনে এজন পথচাৰীক খুন্দা মাৰে। আহত চাৰিওজন লোকক মুকালমুৱা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নলবাৰীৰ বৰক্ষেত্ৰীৰ শান্তিপুৰৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, বাহনখন গুৱাহাটীৰ দিশৰ পৰা আহি আছিল আৰু দৌলাশাল-বৰপেটা দিশলৈ গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো ঘটে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ আছিল AS 15 AD 9747। বাহনখনৰ খুন্দাত আহত হোৱা যুৱকজন ককয়াখুচি গাঁৱৰ কাপোৰৰ ব্যৱসায়ী বছিৰ আলী বুলি চিনাক্ত কৰা হৈছে। সেই সময়তে বাইকৰ পিছফালে বহি থকা জাহাংগীৰ আলী নামৰ যুৱকজন আৰু বাইক চালকজনো (যাৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই) গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক মুকালমুৱা মহকুমা চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে বছিৰ আলীৰ মৃত্যু হয়। ইফালে দৌলাশাল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
