
তাৰিখ:১৩/১২/২০২৫
ঠিকনা: ফৰিদাবাদ
ফাৰিদাবাদ জিলাত ঘৰুৱা কিছু সমস্যাৰ সমাধানৰ নামত ১.২৬ লাখ টকা ঠগ কৰা হৈছে। এই ঘটনা পোহৰলৈ আহিছে। আৰক্ষীয়ে ৰাজস্থান আৰু দিল্লীৰ পৰা দুয়োজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজন ১০মী শ্ৰেণী উত্তীৰ্ণ আৰু আনজন বি.এ পাছ। ডবুৱা কলিনীৰ বাসিন্দা প্ৰিয়ংকা নামৰ এগৰাকী মহিলাই চাইবাৰ আৰক্ষীৰ থানা এন,আই, টি ত অভিযোগ দাখিল কৰিছিল। সেই মহিলাই এইটোও জনাইছিল যে, তেওঁ ইনষ্টগ্ৰাম চলাই থাকোঁতে এটা ৰিল দেখিছিল। সেই ৰিলটোত ঘৰৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই দেখি মহিলাই তাত দিয়া নম্বৰত কল কৰি যোগাযোগ কৰিছিল। ইয়াৰ পিছত ঠগবাজ জনে মহিলা গৰাকীক তেওঁৰ সমস্যা সমাধান কৰাৰ বাবে নিজৰ কথাত ফচাই ১.২৬ লাভ টকা ঠগি লৈছিল। চাইবাৰ আৰক্ষীয়ে মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত ৰাজস্থানৰ হনুমান গড় জিলাৰ গাওঁ গাহডুকৰন আৰু অভিষেকক দিল্লীত গ্ৰেপ্তাৰ কৰে। এই কথা পোহৰলৈ আহিছে যে তেওঁলোক দুয়ো বন্ধু আৰু ইনষ্টাগ্ৰামত ফেক একাউণ্ট বনাই মানুহৰ সৈতে প্ৰেৰণা কৰে। আৰক্ষীয়ে এই বিষয়টোৰ আন্ত কৰি আছে। আৰু এইটোও জানিব চেষ্টা কৰি আছে যে ইয়াত আন কাৰোবাৰ হাত আছে নেকি।
