
তাৰিখ:১১/১২/২০২৫
ঠিকনা:নতুন দিল্লী
বৃহস্পতিবাৰে সন্ধিয়া ৬:৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যসভৱনত এনডিএ সাংসদসকলৰ বাবে এক বিশেষ নৈশভোজৰ আয়োজন কৰা হৈছিল।বিজেপিৰ সভাপতি জেপি নড্ডা আৰু সংসদীয় কাৰ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে বৈঠকত মিলিত হয় আৰু নৰেন্দ্ৰ মোদীৰ আৱাসিক বৈঠকত ধৰ্মেন্দ্ৰ প্ৰধান, অৰ্জুন মেঘৱাল,মনসুশ মাণ্ডৱীয়া,প্ৰহ্লাদ যোশী মন্ত্ৰী আৰু সদনৰ সাংসদসকলৰ উপস্থিত আছিল। সাংসদসকলক ৰাজ্য অনুসৰি গোটত ভাগ কৰা হৈছে।২০-২৫ জনীয়া গোটৰ পৰা সুগম যাতায়তৰ বাবে সংসদসকল আহিব।আৰু কেইবাজনো সাংসদ আবেলি প্ৰায় ৫ বজাত লাইব্ৰেৰী পাৰ হৈ উপস্থিত হ’ব।এই নৈশভোজত এনডিএ সাংসদসকলৰ মাজত একতা দেখুওৱাবলৈ আৰু সংসদীয় অধিৱেশনৰ আগত আলোচনা কৰিবলৈ।এই ব্যৱস্থাৰ মূল কাৰণ হ’ল লোক কল্যাণ মাৰ্গত কোনো ধৰণৰ যাতে সমস্যা নহয় আৰু ৰাজ্য গোট কৰি সমন্বয় সহজ কৰিবলৈ।নৈশভোজৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং,জেপি নড্ডা,নীতিন গাডকাৰী আদিয়ে নিজৰ নিজৰ টেবুলত থকাৰ সময়ত পি এম নৰেন্দ্ৰ মোদীয়ে সকলো সাংসদৰ সৈতে কথা পাতিব।এই নৈশভোজখন যোৱা অধিৱেশনত অনুষ্ঠিত হোৱাৰ কথা আছিল।কিন্তু পঞ্জাৱ হিমাচলৰ বানপানী বাবে এই বৈঠক ৰখা হৈছিল।
