Saturday, February 21, 2026

বৰহমপুৰ নগাঁৱত এক ভয়াৱহ অগ্নিকাণ্ডত প্ৰায় ছয়খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

Published:

তাৰিখ:১২/০২/২০২৬
ঠিকনা: বৰহমপুৰ (অসম)

বৰহমপুৰ নগাঁৱত এক ভয়াৱহ অগ্নিকাণ্ডত প্ৰায় ছয়খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই ঘটনাত ম’বাইলৰ দোকান, পাচলিৰ দোকান, মাছৰ ব্যৱসায়ী, পাণ দোকান আদিৰ দৰে প্ৰায় ছয়খন দোকান জ্বলি ছাৰখাৰ হৈ যায়। এই খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। প্ৰাথমিক ৰিপৰ্ট অনুসৰি এই অগ্নিকাণ্ডত ১২ লাখ টকাতকৈও অধিক মূল্যৰ সম্পত্তিৰ ক্ষতি হৈছে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related articles