
তাৰিখ: ১৮/০২/২০২৬
ঠিকনা :মঙলদৈ (অসম)
মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত আব্দুল লতিফ নামৰ এজন ব্যক্তিৰ মৃত্যু হয়। তীব্ৰবেগী ই-ৰিক্সাই ঘৰৰ সন্মুখত পথ পাৰ হৈ থকা অৱস্থাতে খুন্দা মাৰে। থিতাতে আব্দুল লতিফৰ মৃত্যু হয়। আব্দুল লতিফ নবীৰ আলীৰ পুত্ৰ আছিল। সেই সময়তে আৰক্ষী উপস্থিত হৈ চিকিৎসালয়ত ভৰ্তি কৰায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
