
তাৰিখ: ০৯/০১/২০২৬
ঠিকনাঃ মণিপুৰ (নতুন দিল্লী)
মণিপুৰৰ পেট্ৰ’ল পাম্পত বাইক আৰোহী একাংশ দুষ্কৃতিকাৰীয়ে বোমা নিক্ষেপ কৰে। আৰু পেট্ৰ’ল পাম্পৰ মালিকক ধন দাবীৰ ভাবুকি দিয়া হৈছিল। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ পেট্ৰ’ল পাম্পত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে বোমা নিক্ষেপ কৰে। জানিব পৰা মতে বিস্ফোৰণত কোনো লোক আহত হোৱা নাই। বৃহস্পতিবাৰে নিশা প্ৰায় ৮:০০ বজাত মাইৰাগ থানা লেইকাইৰ এডিডাছ পেট্ৰ’ল পাম্পত বাইক আৰোহী দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু অঞ্চলটোৰ চিচিটিভি কেমেৰাৰ ফুটেজৰো বিচাৰ কৰি আছে। আৰু যোৱা মাহত ৰাজ্যৰ পেট্ৰ’ল পাম্পৰ মালিকসকলেও ধন দাবীৰ ভাবুকি পোৱাৰ পিছত নিজৰ কাম-কাজ বন্ধ কৰাৰ হুংকাৰ দিছিল।
