
তাৰিখ: ০৯/০২/২০২৬
ঠিকনা: মৰিগাঁও (অসম)
মৰিগাঁও জিলাৰ মৈৰাবাৰীত এক ভয়ংকৰ ঘটনা। শিক্ষামূলক ভ্ৰমণলৈ যোৱা কনকন ছাত্ৰ-ছাত্ৰীৰ বাহনত একাংশ লোকে শিলগুটি নিক্ষেপ কৰে। মচাপলি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ ভাষ্য অনুসৰি, তেওঁলোকে প্ৰায় ৬০-৭০ জন ছাত্ৰ-ছাত্ৰীক লৈ বটদ্ৰৱা থানলৈ শিক্ষামূলক ভ্ৰমণত গৈছিল। তাৰ পৰা উভতি অহাৰ সময়ত নিশাৰ আন্ধাৰৰ সুযোগ লৈ দুষ্কৃতিকাৰী যুৱকৰ দলে শিলগুটি নিক্ষেপ কৰে। এই শিলগুটি নিক্ষেপৰ ফলত কেইবাজনো শিশুৰ মূৰত আঘাত লাগে। শিক্ষকসকলৰ ভাষ্য অনুসৰি, এই আক্ৰমণ চলোৱা দুষ্কৃতিকাৰীসকল মুছলমান যুৱক আছিল আৰু তেওঁলোকে ধৰ্মক কেন্দ্ৰ কৰি এই আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে।
