
তাৰিখ:০৮/১২/২০২৬
টিকনা:- যোৰহাট
যোৰহাটত কালি ৰাতি এক ভয়ংকাৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ড দুৰ্ঘটনাৰ বাবে ভাড়া ঘৰৰ ৩০টা ঘৰ সম্পূৰ্ণৰূপে জ্বলি ছাই হৈছে। এই অগ্নিকাণ্ড ঘটনাটো অশোক চাহু নামৰ এজন ব্যক্তিৰ ভাড়াৰ কেঁচা ঘৰত হৈছে।সূএ অনুসৰি জানিব পৰা গৈছে যে ৰাতি ২:৫০ মিনিটত এই ঘটনা যোৰহাটৰ ফছাআলি গাঁৱত হৈছে। খৱৰ অনুসৰি এই তথ্য পোৱা গৈছে যে গেছ চিলিণ্ডাৰৰ বাবে জুইৰ বিস্তাৰ আৰু বাঢ়ি গৈছিল। আৰু সঠিক জল সেনাই আহি অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিলে।
