Saturday, February 21, 2026

যোৰহাটৰ সোণৰ অলংকাৰ চুৰি কাণ্ডত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Published:

তাৰিখ:১৯/০২/২০২৬
ঠিকনা: যোৰহাট (অসম)

যোৰহাটৰ সোণৰ অলংকাৰ চুৰি কাণ্ডত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকে বহু পৰিমাণৰ সোণৰ সামগ্ৰী মাটিৰ তলত পুতি থৈছিল। দলগাঁও আৰক্ষী আৰু যোৰহাট আৰক্ষীৰ যুটীয়া অভিযানত তেওঁলোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ নাম লুকুমান আলী (বৰুৱাঝাৰ), শ্বাহিদুল ৰহমান (উৰ্জাগাঁও), নূৰ মহম্মদ (বালিগাঁও) আৰু আবু বকৰ ছিদ্দিক (বালিগাঁও) বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্য বিচাৰি তন্নত তন্নতকৈ তদন্ত চলাই আছে।

Related articles