
তাৰিখ:৩০/০১/২০২৬
ঠিকনা: ৰঙিয়া (অসম)
ৰঙিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। এজন জিআৰপি (GRP) জোৱানৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ঘটনাটো ৰঙিয়াৰ বালাগাঁৱৰ ২ নম্বৰ ৱাৰ্ডৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হৈছে, য’ত জিআৰপি জোৱানজনৰ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা মৃতদেহটো উদ্ধাৰ হয়। মৃত জোৱানজনক “ইমৰাণ হুছেইন” বুলি চিনাক্ত কৰা হৈছে।এই ঘটনাটো নিশা প্ৰায় ১০ বজাত তেওঁ নিজৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত সংঘটিত হৈছিল। জানিব পৰা গৈছে যে ঘৰৰ পৰা ফোন কৰাৰ সময়ত তেওঁ “ঘৰলৈ গৈ আছোঁ” বুলি কৈছিল। মৃতদেহটোৰ ওচৰত এটা বনাদ্ৰ টুপী আৰু এটা হেলমেট উদ্ধাৰ হৈছে। এই কাণ্ড কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত তেওঁৰ মটৰ চাইকেলখন পোৱা হোৱা নাই। স্থানীয় ৰাইজে এই ঘটনাক এটা হত্যাকাণ্ড বুলি অভিহিত কৰিছে।
