Saturday, February 21, 2026

ৰঙিয়াস্থিত ভূটান আন্তৰ্জাতিক ঘাইপথৰ নিউ মাৰ্কেটত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ: ০৮/০২/২০২৬
ঠিকনা: ৰঙিয়া (অসম)
ৰঙিয়াস্থিত ভূটান আন্তৰ্জাতিক ঘাইপথৰ নিউ মাৰ্কেটত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগেৰে অহা এখন বিলাসী XUV বাহনে তামুলপুৰ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী টেম্পোক পিছফালৰ পৰা খুন্দা মাৰে। ফলস্বৰূপে, চালকজনৰ সন্তানসহ কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোৰ সময়ত বাহনখনৰ চালক আৰু যাত্ৰীসকল আহত হয়। ইয়াৰ পিছতে স্থানীয় ৰাইজে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰায়। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা XUV বাহনখনৰ চালকজনে বাহনখন এৰি থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, তীব্ৰ বেগত অহা XUV বাহনখনে টেম্পোখনক পিছফালৰ পৰা খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

Related articles