
তাৰিখ: ১৪/০১/২০২৬
ঠিকনাঃ ৰঙিয়া (অসম)
ৰঙিয়াৰ পাব সীতাৰা গাঁৱৰ ৰাইজে তেওঁলোকৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ভোগালী বিহু উদযাপন কৰে। জুবিন অবিহনে এয়া প্ৰথম ভোগালী বিহু। তেওঁলোকৰ মৰমৰ শিল্পীক হেৰুৱাই সমগ্ৰ অসমে শোক প্ৰকাশ কৰিছে। কিন্তু অসমীয়া পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ বাবে শোকৰ মাজতো ৰাজ্যজুৰি আনন্দৰ উৎসৱ ভোগালী উদযাপন কৰা হৈছে। ইফালে ৰঙিয়াৰ পাব সীতাৰা গাঁৱৰ ৰাইজে মৰমৰ শিল্পীগৰাকীক স্মৰণ কৰি আনন্দৰ উৎসৱ ভোগালী উদযাপন কৰে। ৰাতিপুৱাই ল’ৰা-ছোৱালী, বয়োজ্যেষ্ঠ, বোৱাৰীয়েকে মেজিৰ চাৰিওফালে গোট খাই অগ্নিদেৱতাৰ আশীৰ্বাদ বিচাৰিলে। তেওঁলোকে প্ৰাৰ্থনা কৰিছিল যে মেজিৰ জুইয়ে সকলো বাধা, অশুভ, ৰোগ আদি দূৰ কৰক। অৱশেষত মেজিৰ সমীপত কানি-য়ুঞ্জ (কণী যুঁজ)কে ধৰি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়।
