Saturday, February 21, 2026

ৰমজানৰ প্ৰথম নিশাই জুৰীয়াৰ মছজিদত চুৰিৰ চেষ্টা। ৰাইজৰ হাতত ধৰা পৰিল চোৰ।

Published:

তাৰিখ:১৮/০২/২০২৬
ঠিকনা:জুৰীয়া (অসম)

ৰমজানৰ প্ৰথম নিশাই জুৰীয়াৰ মছজিদত চুৰিৰ চেষ্টা। ৰাইজৰ হাতত ধৰা পৰিল চোৰ। জুৰীয়াৰ মেলেকাডিঙত মছজিদৰ দানপাত্ৰ ভাঙি ধন লুট কৰাৰ চেষ্টা চলাইছিল চোৰটোৱে। চোৰজন নগাঁও চিলমনীৰ চাইদুল নামৰ এজন যুৱক বুলি জানিব পৰা গৈছে। মছজিদৰ দানপাত্ৰ ভাঙি চুৰি কৰি থকা অৱস্থাতে ৰাইজে তেওঁক হাতে-লোটে কৰায়ত্ত কৰে। লগে লগে স্থানীয় লোকে জুৰীয়া আৰক্ষীক খবৰ দিয়ে। ৰাইজৰ মতে, নিশা প্ৰায় ১২:৪৫ বজাত এই চুৰি কাণ্ড সংঘটিত হৈছিল। অৱশ্যে চোৰজনে এতিয়ালৈকে চুৰি কৰাৰ কথা স্বীকাৰ কৰা নাই। তেওঁৰ ঘৰ নগাঁও চিলমনীত। মছজিদখনৰ নাম মেলেকাডিং গ্ৰামীণ মছজিদ। স্থানীয় ৰাইজে তেওঁক ৰঙা হাতে ধৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, পূৰ্বেও এনে ধৰণৰ চুৰি কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

Related articles