
তাৰিখ: ১০/০১/২০২৬
ঠিকনাঃ ৰূপহীঘাট(অসম)
ৰূপহীঘাটৰ কুচগাঁও আৰু কাঞ্চনপুৰৰ মাজত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। এটা পৰিয়ালে আলহীক ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ আহিছিল। ই-ৰিক্সা আৰু দুচকীয়া বাহনৰ মাজত সংঘৰ্ষ। উত্তৰঘাটৰ সাৱধান হুছেইনৰ চাৰি বছৰীয়া পুত্ৰ মাঝিদুল ইছলামৰ মৃত্যু হয়। খবৰ অনুসৰি বাইকত বহি থকা অৱস্থাত ই-ৰিক্সাৰ পৰা বাগৰি পৰে শিশুটি। স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক ৰূপহী আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও শিশুটিক বচাব নোৱাৰিলে। ই-ৰিক্সাখন AS 31 ER3045 নম্বৰ আৰু AS 02 AU 6663 নম্বৰৰ বাইকখন পঞ্জীয়ন কৰা হৈছিল।খবৰ অনুসৰি ই-ৰিক্সাখন ভুল দিশৰ পৰা আহিছিল। জানিব পৰা মতে, এই ঘটনাটো নিশা প্ৰায় ১২:৩০ বজাত সংঘটিত হয়। অৱশেষত ৰূপহীঘাট আৰক্ষীয়ে ই-ৰিক্সা চালকজনক জিম্মাত লয়।
